Web Analytics Made Easy - Statcounter

See also ebooksgratis.com: no banners, no cookies, totally FREE.

CLASSICISTRANIERI HOME PAGE - YOUTUBE CHANNEL
Privacy Policy Cookie Policy Terms and Conditions
ব্ৰহ্মপুত্ৰ নদী - Wikipedia

ব্ৰহ্মপুত্ৰ নদী

From Wikipedia

তিবেতত য়াৰলুংগ সাংপো নদী
তিবেতত য়াৰলুংগ সাংপো নদী
ব্ৰহ্মপুত্ৰ
ব্ৰহ্মপুত্ৰ
ব্ৰহ্মপুত্ৰৰ বুকুত এজন নাৱৰীয়া
ব্ৰহ্মপুত্ৰৰ বুকুত এজন নাৱৰীয়া

ব্ৰহ্মপুত্ৰঃ

সূচী

[edit] আৰম্ভণি

লুইত, বৰলুইত, চিৰলুইত, লৌহিত্য, আদি নামেৰে পৰিচিত নদৰাজ ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী৷ অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত৷ সভ্যতা সদায় নদী-কেন্দ্ৰিক৷ প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতা ব্ৰহ্মপুত্ৰ সভ্যতা আখ্যা দিব পাৰি৷ এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে৷ এই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতেই ঐতিহাসিক প্ৰক্ৰিয়াৰ সংযোগত মিলন-তীৰ্থ সৃষ্টি হৈছে৷

[edit] উত্পত্তি আৰু গতি বৰ্ণনা

ব্ৰহ্মপুত্ৰৰ উত্পত্তি সম্বন্ধে'কালিকাপুৰাণ'ত এটি আখ্যান আছে৷ অসমৰ পূবফালে মিচিমি পৰ্ব্বতৰ আগাৰিত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে৷ ই হিন্দু সকলৰ অতি পবিত্ৰ তীৰ্থ৷ এই ব্ৰহ্মকুণ্ডতেই পৰশুৰামে পাপৰ পৰা উদ্ধাৰ হয়, আৰ্থাত ইয়াতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমা দেখি ইয়াৰ পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পাৰটো কাটি দিয়ে৷ ফলত ইয়াৰ পানী দেশ-দেশান্তৰলৈ যায়৷ এই দৰেই ব্ৰহ্মপুত্ৰ নদীৰ উত্পত্তি হয়৷

ভাৰতৰ উত্তৰে অৱস্থিত তিব্বত মালভুমি মানস সৰোবৰ হ্ৰদৰ পৰা চম্পু নামে এটি নৈ পূব মুৱাকৈ কিছুদূৰ বৈ আহি দক্ষিণ মূৱা হৈ দিহিং নামেৰে অৰুণাচল ৰাজ্যৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে৷ দিহিঙৰ লগত অৰুণাচলৰ দিবং আৰু লোহিত নামৰ দুখন নৈ লগ লাগে৷ ইয়াৰ পিছৰ পৰা এই সন্মিলিত জলভাগে ব্ৰহ্মপুত্ৰ নাম লাভ কৰে৷ নদৰাজ ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি দুভাগত বিভক্ত হয়৷

[edit] ব্ৰহ্মপুত্ৰ আৰু অসম

ব্ৰহ্মপুত্ৰৰ লগত অসম আৰু অসমীয়াৰ ঘনিষ্ঠ সম্পৰ্ক৷ অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদুৰ প্ৰসাৰী৷ অতি প্ৰাচীন কালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ,ধুবুৰী, আদি নগৰ গঢ়ি উঠিছিল ৷ এতিয়াও গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী, তেজপুৰ, শিলঘাট, খৰুপেতীয়া, বিশ্বনাথ, ডিব্ৰুগড় আদি অসমৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত৷ প্ৰাচীন কালৰে পৰাই ই অসমৰ এটা প্ৰধান জলপথ৷ ভাৰত বিভক্ত হোৱাৰ আগলৈকো কলিকতাৰ লগত বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ আছিল ব্ৰহ্মপুত্ৰ নদী৷ ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ, খৰি আদিৰো যোগান ধৰে৷ আনপিনে ব্ৰহ্মপুত্ৰৰ বুকুতেই নাও চলাই, মানুহ-দুনুহ পাৰ কৰি, বস্তু-বাহনি পাৰ কৰি এচাম মানুহে নিজৰ জীৱিকা চলাই আছে৷ এতিয়াও নদী দ্বীপ মাজুলীৰ লগত একমাত্ৰ সংযোগ এই ব্ৰহ্মপুত্ৰৰ ওপৰত চলা নাও বা ফেৰী জাহাজ আদি৷ এই দৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে৷


ব্ৰহ্মপুত্ৰ নদীৰ পৰিসৰ বৰ বহল৷ নাৱেৰে এই নদী পাৰ হোৱাটো অসুবিধা আৰু বিপদজনক৷ ইয়াৰ ওপৰত নিৰ্মান হোৱা শৰাইঘাত দলঙে দুয়োপাৰৰ মানুহৰ মাজত সম্পৰ্ক গঢ়াত সহায় কৰিছে৷ ব্ৰহ্মপুত্ৰই যিদৰে বাৰিষা খেতি পথাৰত পলস পেলাই মাটি সাৰুৱা কৰি পথাৰত নানা তৰহৰ শস্যৰ পৰিমাণ বৃদ্ধি কৰে৷ আনপিনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বছৰি অসমৰ অনেক গাওঁ-ভুই, খেতি-পথাৰ আদি খহাই অসমৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন কৰে৷ যাৰ কাৰণে বানপানি অসমৰ এটা প্ৰধান ৰাষ্ট্ৰীয় সমস্যা হৈ উঠিছে৷

[edit] সামৰণি

১৯৫০ চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তলী তৰাং হোৱাত অসমত বছৰি বানপানী আৰু গৰাখহনীয়া বৃদ্ধি পাইছে৷ ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰি ইয়াৰ পানী সঠিক ব্যৱহাৰৰ কাৰণে "ব্ৰহ্মপুত্ৰ আয়োগ" নামে এখন কমিটিও গঠন কৰা হয়৷ ব্ৰহ্মপুত্ৰ নদীত সঠিকভাৱে মাঠাউৰি বান্ধি, ঠায়ে ঠায়ে শ্লুইচ গেটৰ ব্যৱস্থা কৰিলে ব্ৰহ্মপুত্ৰ নদী অসমৰ বাবে আৰ্শীবাদ হৈ উঠিব৷ ইয়াৰ বাহিৰেই জলবিদ্যুত উত্পাদনৰ ব্যৱস্থা কৰিও অসমৰ বিদ্যুত নাটনিৰ পৰিমান কমাব পৰা যাব৷ কিন্তু আজিলৈকে এই দুয়োটা কাম সুচাৰুৰূপে হৈ উঠা নাই যাৰ কাৰণে এসময়ৰ মানুহৰ আৰ্শীবাদ মহাবাহু ব্ৰহ্মপুত্ৰ নদী এতিয়া মানুহৰ কাৰণে সময়ে সময়ে অভিশাপ হৈ উঠিছে৷ আনপিনে অসমৰ অৱহেলা, আৰু উচিত ব্যৱহাৰ নকৰাৰ কাৰণেই পৰ ৰাষ্ট্ৰই ইয়াৰ পানী নিজ ৰাষ্ট্ৰৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰি আছে৷ যিটোৱে অসমত সুদূৰ ভৱিষ্যতে ব্যাপক প্ৰভাৱ পেলাৱ৷


aa - ab - af - ak - als - am - an - ang - ar - arc - as - ast - av - ay - az - ba - bar - bat_smg - bcl - be - be_x_old - bg - bh - bi - bm - bn - bo - bpy - br - bs - bug - bxr - ca - cbk_zam - cdo - ce - ceb - ch - cho - chr - chy - co - cr - crh - cs - csb - cu - cv - cy - da - de - diq - dsb - dv - dz - ee - el - eml - en - eo - es - et - eu - ext - fa - ff - fi - fiu_vro - fj - fo - fr - frp - fur - fy - ga - gan - gd - gl - glk - gn - got - gu - gv - ha - hak - haw - he - hi - hif - ho - hr - hsb - ht - hu - hy - hz - ia - id - ie - ig - ii - ik - ilo - io - is - it - iu - ja - jbo - jv - ka - kaa - kab - kg - ki - kj - kk - kl - km - kn - ko - kr - ks - ksh - ku - kv - kw - ky - la - lad - lb - lbe - lg - li - lij - lmo - ln - lo - lt - lv - map_bms - mdf - mg - mh - mi - mk - ml - mn - mo - mr - mt - mus - my - myv - mzn - na - nah - nap - nds - nds_nl - ne - new - ng - nl - nn - no - nov - nrm - nv - ny - oc - om - or - os - pa - pag - pam - pap - pdc - pi - pih - pl - pms - ps - pt - qu - quality - rm - rmy - rn - ro - roa_rup - roa_tara - ru - rw - sa - sah - sc - scn - sco - sd - se - sg - sh - si - simple - sk - sl - sm - sn - so - sr - srn - ss - st - stq - su - sv - sw - szl - ta - te - tet - tg - th - ti - tk - tl - tlh - tn - to - tpi - tr - ts - tt - tum - tw - ty - udm - ug - uk - ur - uz - ve - vec - vi - vls - vo - wa - war - wo - wuu - xal - xh - yi - yo - za - zea - zh - zh_classical - zh_min_nan - zh_yue - zu -