Web Analytics Made Easy - Statcounter

See also ebooksgratis.com: no banners, no cookies, totally FREE.

CLASSICISTRANIERI HOME PAGE - YOUTUBE CHANNEL
Privacy Policy Cookie Policy Terms and Conditions
তেজপুৰ - Wikipedia

তেজপুৰ

From Wikipedia

তেজপুৰ শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ৷ ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ১৮১ কিলোমিটাৰ গুৱাহাটীৰ পূবত অৱস্থিত৷ বৰ্তমান শোণিতপুৰ জিলাৰ প্ৰধান নগৰ তেজপুৰ ঐতিহাসিক সম্পদৰ কাৰণে ভাৰত বিখ্যাত৷ তেজপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ৷ এসময়ত তেজপুৰত বান নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল, তেওঁ আছিল অসুৰৰ ৰজা৷ বান ৰজাৰ জীয়ৰী উষাই সপোনত এজন কোঁৱৰক দেখা পায় আৰু তেওঁৰ প্ৰেমত পৰে৷ তেওঁ চিত্ৰলেখাৰ সহায়ত সেই কোঁৱৰজন ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি গম পায় আৰু দুয়োৰো মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়৷ বান ৰজাই সেই কথা গম পাই উষাক অগ্নিৰ দ্বাৰা আৱৰি থকা এটা ঘৰৰ মাজত বন্দী কৰি ৰাখে৷ সেই ঘৰটোক অগ্নিগড়ৰ বোলে৷ কিন্তু অনিৰুদ্ধই উষাৰ সখীয়েক শিল্পী চিত্ৰলেখাৰ সহায়ত উষাক লাভ কৰে আৰু গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰে৷ এই কথাত বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ আৰম্ভ হয়৷ এই যুদ্ধত হাজাৰ হাজাৰ যোদ্ধাৰ মৃত্যু হয় চাৰিওফালে তেজৰ নৈ-বৈ যায়৷ ইয়াৰ ফলতেই এই ঠাইৰ নাম তেজপুৰ (তেজৰ নগৰ) লাভ কৰে৷ বান ৰজা আছিল প্ৰধানত শিৱ ভক্ত৷ শেষত শিৱ আৰু কৃষ্ণৰ মাজতো কীৰ্তনত বৰ্ণিত বিখ্যাত হৰি-হৰ যুদ্ধৰ সৃষ্টি হয়৷

তেজপুৰ কলা, সংস্কৃতি, সাহিত্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতিমনোমহা নগৰ৷ ইয়াতেই অসমীয়া সাহিত্যৰ বহুকেইজন বিশিষ্ঠ ব্যক্তিৰ জন্ম হয়৷ চন্দ্ৰ কুমাৰ আগৰৱালা, আনন্দ্ৰ চন্দ্ৰ আগৰৱালা, দন্দি কলিতা, কমলাকান্ত ভট্টাচাৰ্য্য, আদি সাহিত্যিকৰ জন্ম হয়৷ "ৰূপকোঁৱৰ"জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচিত্ৰ 'জয়মতী'ৰ সাকলো কাম সম্পাদনা কৰে৷ আনহাতে শোণিতপুৰ জিলাৰ অন্তৰ্গত 'গহপুৰ'আৰক্ষী চকিত ১৯৪২ চনত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ আৰক্ষী চকিৰ ওপৰত ত্ৰীৰঙ্গ পাতাকা উত্তোলন কৰি ১৪ বছৰীয়া কনকলতাৰ আৰক্ষীৰ গুলিত নিহত হয়৷ তেজপুৰ নগৰৰ উল্লেখযোগ্য ঠাই :

  • ১. চিত্ৰলেখা উদ্যান : ইয়াক ১৮০০ শতিকাত ব্ৰিটিছ ডেপুটি কমিচনাৰে প্ৰতিষ্ঠা কৰিছিল৷
  • ২. মহাভৈৰৱ মন্দিৰ : তেজপুৰৰ প্ৰধান বজাৰ চৌকি বজাৰৰ পৰা ১ কিঃমিঃ উত্তৰত অৱস্থিত প্ৰধান শিৱ মন্দিৰ৷
  • ৩. অগ্নিগড় : বান ৰজাই নিজৰ জীয়েক উষাক বন্দী কৰি ৰাখিবৰ কাৰণে ইয়াক নিৰ্মাণ কৰিছিল৷ ইয়াৰ চাৰিওফালে জুই জলাই ৰখা হৈছিল বাবে ইয়াৰ নাম অগ্নিগড়৷ ই অসমীয়া প্ৰেমৰ এটা উত্কৃষ্ট নিৰ্দৰ্শন৷
  • ৪. দ-পৰ্বতীয়া : তেজপুৰ নগৰৰ পৰা 6 কিঃমিঃ দক্ষিণত ই অৱস্থিত৷ ই পুৰণি অসমৰ স্থাপত্য আৰু ভাস্কয্যৰ নিদৰ্শন বহন কৰিছে৷
  • ৫. বামুনী পাহাৰ : কলাত্মক সৌন্দৰ্য্যৰ কাৰণে ই বিখ্যাত৷ ইয়াক নৱম দশম শতিকাৰ সময়ত নিৰ্মান কৰা হৈছিল৷
  • ৬. হাজাৰা পুখুৰী : ই প্ৰায় 70 একৰ মাটি আৱৰি থকা তৃতীয় বৃহত্মম জল সংৰক্ষিত এলেকা৷
  • ৭. ক'ল পাৰ্ক : তেজপুৰ নগৰৰ ই এখন মনোমহা ঠাই৷ প্ৰথম ব্ৰিটিছ ডেপুটি কমিচনাৰ

মিঃ ক'লে ইয়াক স্থাপন কৰিছিল৷


aa - ab - af - ak - als - am - an - ang - ar - arc - as - ast - av - ay - az - ba - bar - bat_smg - bcl - be - be_x_old - bg - bh - bi - bm - bn - bo - bpy - br - bs - bug - bxr - ca - cbk_zam - cdo - ce - ceb - ch - cho - chr - chy - co - cr - crh - cs - csb - cu - cv - cy - da - de - diq - dsb - dv - dz - ee - el - eml - en - eo - es - et - eu - ext - fa - ff - fi - fiu_vro - fj - fo - fr - frp - fur - fy - ga - gan - gd - gl - glk - gn - got - gu - gv - ha - hak - haw - he - hi - hif - ho - hr - hsb - ht - hu - hy - hz - ia - id - ie - ig - ii - ik - ilo - io - is - it - iu - ja - jbo - jv - ka - kaa - kab - kg - ki - kj - kk - kl - km - kn - ko - kr - ks - ksh - ku - kv - kw - ky - la - lad - lb - lbe - lg - li - lij - lmo - ln - lo - lt - lv - map_bms - mdf - mg - mh - mi - mk - ml - mn - mo - mr - mt - mus - my - myv - mzn - na - nah - nap - nds - nds_nl - ne - new - ng - nl - nn - no - nov - nrm - nv - ny - oc - om - or - os - pa - pag - pam - pap - pdc - pi - pih - pl - pms - ps - pt - qu - quality - rm - rmy - rn - ro - roa_rup - roa_tara - ru - rw - sa - sah - sc - scn - sco - sd - se - sg - sh - si - simple - sk - sl - sm - sn - so - sr - srn - ss - st - stq - su - sv - sw - szl - ta - te - tet - tg - th - ti - tk - tl - tlh - tn - to - tpi - tr - ts - tt - tum - tw - ty - udm - ug - uk - ur - uz - ve - vec - vi - vls - vo - wa - war - wo - wuu - xal - xh - yi - yo - za - zea - zh - zh_classical - zh_min_nan - zh_yue - zu -