Web Analytics Made Easy - Statcounter

See also ebooksgratis.com: no banners, no cookies, totally FREE.

CLASSICISTRANIERI HOME PAGE - YOUTUBE CHANNEL
Privacy Policy Cookie Policy Terms and Conditions
বিহু - Wikipedia

বিহু

From Wikipedia

পেঁপাৰ সৈতে বিহুৱা
পেঁপাৰ সৈতে বিহুৱা

সূচী

[edit] বিহু শব্দৰ উত্পত্তি

           "অতিকৈ চেনেহৰ মুগাৰে মেখেলা, তাতোকৈ চেনেহৰ মাকো,
            তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো"                

সকলো জাতিৰ মানুহৰে কিছুমান স্বকীয় উত্সৱ আছে ৷ অসমীয়াসকলৰো তেনে উত্সৱৰ ভিতৰত বিহু উত্সৱ প্ৰধান৷ সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে৷ বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপী অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাত দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত৷ এই দিনটোতেই 'গৰু-ম'হ' আদিৰ সংগ্ৰহৰ অৰ্থে আৰু পোহনিয়া জন্তুৰ মংগল কামনা কৰি সূৰ্য্যদেৱতাক স্তুতি কৰা হৈছিল৷ অসমীয়া ভাষাত প্ৰচলিত বিহু (বিহু 'সং বিষু) পদটিৰ প্ৰকাৰ্য্যৰ লগত বৈদিকৰ 'বিষুবন' পদৰ মিল লক্ষ্য কৰা যায়৷ যিহেতু বিহু উত্সৱতো বিভিন্ন ধৰ্মীয়কৃত্য উদযাপিত হোৱাৰ উপৰিও গৰু-ম'হ আদি পোহনীয়া জন্তুৰ মংগল আৰু কল্যাণ কামনা কৰি অগ্নি আদি দেৱতাক প্ৰাৰ্থনা কৰা হয়৷ অসমীয়া বিহু মূলত তিনিটা, ৰঙালী বিহু, কঙালী বিহু, আৰু ভোগালী বিহু৷

[edit] ৰঙালী বিহু

[edit] উৰুকা

চ'ত আৰু বহগ মাহৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈ সাতদিন থাকে৷ ৰঙালী বিহু বহাগ বিহু ৰূপেও পৰিচিত৷ বিহুৰ আগদিনাখনক উৰুকা বোলে৷ প্ৰথম বিহুটিৰ নাম গৰু বিহু৷ এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়৷ গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদী , বিল বা আন তেনে ঠাইলৈ নি সকলোৱে গৰু ধুৱাই আৰু তলৰ গীতটো গাই গাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই

"দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত৷মাৰ সৰু বাপেৰ সৰু, তই

হবি বৰ গৰু৷ লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা"

সিদিনাই মানুহে মাহ, হালধি, আমৰ মল আৰু দৈৱজ্ঞই় আগতে দি যোৱা সৰ্বৌষধিৰে গা ধোৱে৷ এইদৰে গা ধুলে অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়৷ দুপৰীয়া নামঘৰত নাম-কীৰ্তন কৰা হয়৷ গধুলি গৰুক নতুন পঘা দিয়ে আৰু লাড়ু পিঠা খুৱায়৷

[edit] দ্বিতীয় দিনা

দ্বিতীয় দিনা বৰ বিহু বা মানুহৰ বিহু৷ সিদিনাও নামঘৰত সামুহিকভাৱে নাম-কীৰ্তন কৰা হয়৷ সাধাৰণতে বৰ বিহুৰ দিনা বিহুৱান লোৱা হয়৷ এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ অন্যান্য অঙহী-বঙহী ইষ্ট-কুটুম্ব আৰু মৰমৰ জনকো দিয়া হয়৷ ইও এক ধৰণৰ পৰম্পৰা৷ বহাগ বিহুত খোৱা-বোৱাতকৈ ৰং-ধেমালিৰ ওপৰত বেছি গুৰত্ব দিয়া হয়৷ ডেক-ডেকেৰী সকলে বিহু-উত্সৱ পাতি বিহু গীত, বিহু নাচ, হুঁচৰি, নানা ৰকমৰ খেল-ধেমালিৰ ব্যৱস্থা কৰে৷ লগতে মানুহৰ ঘৰে ঘৰে গৈ বিহু-হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিয়ে৷ আনহাতে কোনো কোনো ঠাইত শেন-কনুৱাৰ যুঁজ, ম'হ যুঁজ, কণী যুঁজ আদিৰো ব্যৱস্থা আছে৷

[edit] কঙালী বিহু

আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়৷ সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ গতিকে এই বিহুক কঙালী বিহু বোলে৷ এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত চাকি জ্বলাই নাম গাই, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলাই৷

[edit] ভোগালী বিহু

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু৷ এই বিহু তিনিদিন পালন কৰা হয়৷ পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰাই৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে৷ সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়৷ এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে৷ মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা৷

গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে৷ উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে৷ ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে৷ জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে৷ মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়৷ অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়৷ এই বিহুৰ মেজি পোৰা অগ্নি পুজাৰেই নামান্তৰ বুলিব পাৰি৷

জাতীয় উত্সৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে৷ বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে৷ বিহুৰ জড়িয়্তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়৷ বিহুৰ জড়িয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে৷

[edit] বাহিৰৰ তথ্য-সম্ভাৰ

Rongali Bihu-the spring festival of AssamAn article by Sawpon Dowerah

Rongali Bihu through the agesAn article by Debendra Prasad Das


aa - ab - af - ak - als - am - an - ang - ar - arc - as - ast - av - ay - az - ba - bar - bat_smg - bcl - be - be_x_old - bg - bh - bi - bm - bn - bo - bpy - br - bs - bug - bxr - ca - cbk_zam - cdo - ce - ceb - ch - cho - chr - chy - co - cr - crh - cs - csb - cu - cv - cy - da - de - diq - dsb - dv - dz - ee - el - eml - en - eo - es - et - eu - ext - fa - ff - fi - fiu_vro - fj - fo - fr - frp - fur - fy - ga - gan - gd - gl - glk - gn - got - gu - gv - ha - hak - haw - he - hi - hif - ho - hr - hsb - ht - hu - hy - hz - ia - id - ie - ig - ii - ik - ilo - io - is - it - iu - ja - jbo - jv - ka - kaa - kab - kg - ki - kj - kk - kl - km - kn - ko - kr - ks - ksh - ku - kv - kw - ky - la - lad - lb - lbe - lg - li - lij - lmo - ln - lo - lt - lv - map_bms - mdf - mg - mh - mi - mk - ml - mn - mo - mr - mt - mus - my - myv - mzn - na - nah - nap - nds - nds_nl - ne - new - ng - nl - nn - no - nov - nrm - nv - ny - oc - om - or - os - pa - pag - pam - pap - pdc - pi - pih - pl - pms - ps - pt - qu - quality - rm - rmy - rn - ro - roa_rup - roa_tara - ru - rw - sa - sah - sc - scn - sco - sd - se - sg - sh - si - simple - sk - sl - sm - sn - so - sr - srn - ss - st - stq - su - sv - sw - szl - ta - te - tet - tg - th - ti - tk - tl - tlh - tn - to - tpi - tr - ts - tt - tum - tw - ty - udm - ug - uk - ur - uz - ve - vec - vi - vls - vo - wa - war - wo - wuu - xal - xh - yi - yo - za - zea - zh - zh_classical - zh_min_nan - zh_yue - zu -