Web Analytics Made Easy - Statcounter

See also ebooksgratis.com: no banners, no cookies, totally FREE.

CLASSICISTRANIERI HOME PAGE - YOUTUBE CHANNEL
Privacy Policy Cookie Policy Terms and Conditions
অসমীয়া সাহিত্য - Wikipedia

অসমীয়া সাহিত্য

From Wikipedia

অসমীয়া সাহিত্যৰ পৰিৱৰ্তনৰ পিনৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি৷

সূচী

[edit] চৰ্যাপদ

অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়৷ চৰ্যাপদবোৰ বৌদ্ধধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল৷ ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলে৷ চৰ্যাপদবোৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে৷

[edit] প্ৰাক শঙ্কৰী যুগ

অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হয় ১৪শ শতিকাত ৰচিত হেম সৰস্বতী 'প্ৰহ্লাদ চৰিত' পুথিৰ জড়িয়তে৷ আনহাতে ১৪শ শতিকাত মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ন অসমীয়ালৈ অনুবাদ কৰে৷ আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ ভিতৰত এইখনেই প্ৰথম ৰামায়ন৷ ৰুদ্ৰ কন্দলিয়ে মহাভাৰতৰ 'দ্ৰোণ পৰ্ব' অনুবাদ কৰে৷ ১৫শ শতিকাত সৃষ্টি হয় দূৰ্গাবৰৰ 'গীতি ৰামায়ণ', একেদৰে পীতাম্বৰ আৰু মনকৰেও পুৰাণৰ পৰা যথেষ্ট সংখ্যক গীত অনুবাদ কৰে৷ এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে৷

[edit] বৈষ্ণৱ যুগ

১৫শ শতিকাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে (১৪৪৯-১৬৬৮) অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে সংস্কৃত সাহিত্যৰ পৰা অনেক সাহিত্য অনুবাদ কৰাৰ লগতে স্বকীয়ভাৱেও অনেক সাহিত্য সৃষ্টি কৰিছিল৷ কীৰ্তন-ঘোষা, ভক্তি-প্ৰদীপ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান আৰু বলি চলন, দশম আদি উল্লেখযোগ্য৷ ৰাম সৰস্বতীয়ে অনুবাদ কৰে মহাভাৰতৰ বিভিন্ন কাণ্ডসমূহ আৰু বিভিন্ন পুৰাণ-উপপুৰাণৰ পৰা সংগ্ৰহিত 'বধ কাব্যসমূহ'৷ মাধৱদেৱৰ 'ৰাজসুই যজ্ঞ' আদি এই সময়ৰ অন্যান্য লেখত ল'ব লগিয়া গ্ৰন্থ৷ এই সময়তে ভট্টদেৱে প্ৰথম বাৰৰ কাৰণে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰে৷ তেওঁৰ 'কথা-গীতা', 'কথা-ভাগৱত' অন্যতম৷

[edit] শঙ্কৰোত্তৰ যুগ

অসমৰ আহোম ৰাজত্বৰ সময়তো অসমীয়া সাহিত্যৰ যথেষ্টসংখ্যক নতুন নতুন সাহিত্যৰ সৃষ্টি হৈছিল৷ আহোম যুগত সৃষ্টি হৈছিল বুৰঞ্জী সাহিত্যসমূহ৷ ইয়াৰ উপৰিও আহোম যুগৰ অন্যতম সৃষ্টি আছিল ব্যৱহাৰিক সাহিত্যসমূহ৷ জ্যোতিষ, চিকিত্সা, গণিত, সঙ্গীত, নৃত্য আৰু বিভিন্ন বিষয়ত এই গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল৷ শঙ্কৰোত্তৰ যুগত চৰিত সাহিত্যসমূহো সৃষ্টি কৰা হৈছিল৷ কথা গুৰু চৰিত এই সময়ৰ অন্যতম সৃষ্টি৷ ইয়াৰ উপৰিও দামোদৰ চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত আদি চৰিত পুথি পোৱা যায়৷

[edit] ৰোমান্টিক যুগৰ সাহিত্য : অৰুণোদয় যুগ

আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰিষ্টাণ মিছনেৰি নাথাৰ্ন ব্ৰাউন, মাইল ব্ৰনচন আদিৰ প্ৰচেষ্টাত অসমীয়া ভাষাত প্ৰকাশ কৰা অৰুণোদয় (১৮৪৬) আলোচনীৰ সময়ৰ পৰাই আৰম্ভ হয়৷ ইয়াৰ আগতে ১৮১৩ চনত মিছ্নেৰীসকলৰ উদ্যোগতে আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ অনুবাদ কৰে৷ এইখনেই অসমীয়া ভাষাত প্ৰথম ছপা পুথি৷ সেইসময়তে নাথাৰ্ন ব্ৰাউনে ৰচনা কৰে 'গ্ৰামাটিকেল নটিচেছ অৱ দ্যা আছামিছ লেংগুৱেজ' (১৮৪৮) , মাইল ব্ৰনচনে ৰচনা কৰে 'অসমীয়া-ইংৰাজী অভিধান' (১৮৬৭) আৰু ১৮৩৯ চনত অন্য এজন মিছনেৰী ডব্লিও.ৰবিনচনে ৰচনা কৰে ইংৰাজীত প্ৰথম অসমীয়া ব্যাকৰণ 'এ গ্ৰামাৰ অৱ আছামিছ লেংগুৱেজ'।

১৯ শ শতিকাত অসমীয়া সাহিত্যয় এক নতুন ধাৰাৰে আগবাঢ়ে৷ এই সময়তে হেমচন্দ্ৰ বৰুৱা(১৮৩৫-১৮৯৬) অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ 'অসমীয়া ব্যাকৰণ' (১৮৯৫) ৰচনা কৰে৷ আৰু অসমীয়া ভাষাত প্ৰথম অভিধান 'হেমকোষ' (১৯০০) ৰচনা কৰে৷ এই সময়তে প্ৰকাশ পায় অসমীয়া সংবাদ পত্ৰ 'অসম বন্ধু' (১৮৮৫)৷ আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-৯৬), গুণাভিৰাম বৰুৱা (১৮৩৭-৯৫) এই সময়ৰ উল্লেখযোগ্য ব্যক্তি৷ গুণাভিৰাম বৰুৱাৰ 'ৰাম-নৱমী' (১৮৫৭) আৰু হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়া-কীৰ্তন' (১৮৬১) উল্লেখ্যযোগ্য গ্ৰন্থ৷

কলিকাতাত পঢ়িবলৈ গৈ চন্দ্ৰ কুমাৰ আগৰৱলা (১৮৬৭-১৯৩৮), লক্ষ্মিনাথ বেজবৰুৱা (১৮৬৭-১৯৩৮) আৰু হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮)ৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা 'জোনাকী' (১৮৮৯) আলোচনীৰ সময়ৰ পৰাই আধুনিক অসমীয়া সাহিত্যলৈ সম্পূৰ্ণভাৱে ৰোমাণ্টিক কবিতা, চুটিগল্প, নাটক, উপন্যাস, ৰসৰচনা, আত্মজীৱনি, জীৱনি আদিৰ সৃষ্টি হয়৷ এই সময়তে আগৰৱলাৰ প্ৰকাশ পায় 'প্ৰতিমা' (১৯১৪)আৰু 'বীণ-বৰাগী' (১৯২৩) নামৰ দুখন কবিতা পুথি৷ বেজবৰুৱাই প্ৰকাশ কৰে 'কদমকলি' (১৯১৩) আৰু 'পদুমকলি'৷ হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট সৃষ্টিৰে ৰচনা কৰে কবিতা সংকলন 'ফুলৰ চাকি' (১৯০৭)৷ ইয়াৰ বাহিৰেও এই সময়তে সাহিত্যৰ অন্যান্য দিশতো যথেষ্ঠ সংখ্যক অৱদান আগবঢ়ায৷

এই পিছতে যথেষ্ঠ সংখ্যক কবি নাট্যকাৰৰ জন্ম হয়৷ ভোলানাথ দাস (১৮৫৮-১৯২৮), কমলাকান্ত ভট্ৰাচাৰ্য্য (১৮৫৩-১৯২৭), হিতেশ্বৰ বৰবৰুৱা (১৮৭৬-১৯৩৯), বেণুধৰ ৰাজখোৱা (১৮৭২-১৯৩৫), ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৬) আদিয়ে যথেষ্ঠ সংখ্যক কবিতা পুথি ৰচনা কৰে৷ আধুনিক অসমীয়া উপন্যাৰ ধাৰাটো আৰম্ভ কৰে ৰজনীকান্ত বৰদলৈয়ে (১৮৬৭-১৯৩৯)৷ তেওঁৰ উল্লেখ্যযোগ্য সৃষ্টি হ'ল 'মিৰিজীয়ৰি'(১৮৯৫), 'মনোমতী' (১৯০০), 'দন্দোৱা দ্ৰোহ' (১৯০৯) আৰু 'ৰহদৈ লিগিৰী' (১৯৩০)৷ পদ্মনাথ গোহাঁঞি বৰুৱাৰ (১৮৭১-১৯৪৬) কবিতা পুথি 'ফুলৰ চানেকি', 'জুৰণি' (১৯০০) আৰু 'লীলা' (১৯০১) উল্লেখযোগ্য৷

এই সময়তে অসমীয়া অতীন্দ্ৰিয়বাদি কবিতাক জনপ্ৰিয় কৰি তোলে ক্ৰমে দূৰ্গেশ্বৰ শৰ্মা (১৮৮২-১৯৬১) আৰু নলিনীবালা দেৱী (১৮৯৮-১৯৭৮)৷ উমৰ খায়াম অসমীয়ালৈ অনুবাদ কৰে যতিন্দ্ৰনাথ দূৱৰাই (১৮৯২-১৯৭৮)৷ অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা এই সময়ৰ অন্যান্য কবিসকল আছিল ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩), পাৰ্ৱ্তি প্ৰসাদ বৰুৱা (১৯০৪-১৯৬৪), পদ্মধৰ চলিহা (১৮৯৫-১৯৬৮),জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১), প্ৰসন্নলাল চৌধৰী (১৯০২), বিনন্দ্ৰ চন্দ্ৰ বৰুৱা (১৯০৩) আৰু দেৱকান্ত বৰুৱা (১৯১৪)৷ দেৱকান্ত বৰুৱাৰ 'সাগৰ দেখিছা' কাব্য পুথি অসমীয়া ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ যুগসন্ধিৰ কবিতা বুলিব পাৰি৷

[edit] আধুনিক যুগৰ সাহিত্য

দ্বিতীয় মহাযুদ্ধৰ পিছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিলে৷ এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস সকলোফালে নতুনত্বয় দেখা দিলে৷ চৈয়দ আব্দুল মালিক, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্য্য, ভৱেন্দ্ৰনাথ শইকীয়া,মহিম বৰা, হিতেশ ডেকা, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, মামণি ৰয়চম গোস্বামি আদিৰ গল্প আৰু উপন্যাসে আধুনিক সাহিত্যৰ ভৰাঁল চহকি কৰে৷ কবিতাৰ ক্ষেত্ৰত অজিত বৰুৱা, হৰেকৃষ্ণ ডেকা, নীলমণি ফুকন, নিৰ্মল প্ৰভা বৰদলৈ, নলিনীধৰ ভট্টাচাৰ্য্য আদি উল্লেখ্যযোগ্য৷ ইয়াৰ লগে লগে ন-ন প্ৰতিভাৱন সাহিত্যিকৰ সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকি কৰি তোলিছে৷


aa - ab - af - ak - als - am - an - ang - ar - arc - as - ast - av - ay - az - ba - bar - bat_smg - bcl - be - be_x_old - bg - bh - bi - bm - bn - bo - bpy - br - bs - bug - bxr - ca - cbk_zam - cdo - ce - ceb - ch - cho - chr - chy - co - cr - crh - cs - csb - cu - cv - cy - da - de - diq - dsb - dv - dz - ee - el - eml - en - eo - es - et - eu - ext - fa - ff - fi - fiu_vro - fj - fo - fr - frp - fur - fy - ga - gan - gd - gl - glk - gn - got - gu - gv - ha - hak - haw - he - hi - hif - ho - hr - hsb - ht - hu - hy - hz - ia - id - ie - ig - ii - ik - ilo - io - is - it - iu - ja - jbo - jv - ka - kaa - kab - kg - ki - kj - kk - kl - km - kn - ko - kr - ks - ksh - ku - kv - kw - ky - la - lad - lb - lbe - lg - li - lij - lmo - ln - lo - lt - lv - map_bms - mdf - mg - mh - mi - mk - ml - mn - mo - mr - mt - mus - my - myv - mzn - na - nah - nap - nds - nds_nl - ne - new - ng - nl - nn - no - nov - nrm - nv - ny - oc - om - or - os - pa - pag - pam - pap - pdc - pi - pih - pl - pms - ps - pt - qu - quality - rm - rmy - rn - ro - roa_rup - roa_tara - ru - rw - sa - sah - sc - scn - sco - sd - se - sg - sh - si - simple - sk - sl - sm - sn - so - sr - srn - ss - st - stq - su - sv - sw - szl - ta - te - tet - tg - th - ti - tk - tl - tlh - tn - to - tpi - tr - ts - tt - tum - tw - ty - udm - ug - uk - ur - uz - ve - vec - vi - vls - vo - wa - war - wo - wuu - xal - xh - yi - yo - za - zea - zh - zh_classical - zh_min_nan - zh_yue - zu -