কীৰ্তন
From Wikipedia
কীৰ্তন-ঘোষা :
আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে সৃষ্টি কৰা সমগ্ৰ ৰচনাসমূহৰ ভিতৰত 'কীৰ্তন-ঘোষা' অন্যতম৷ প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল৷ কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল৷ শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য শ্ৰীশ্ৰীমাধৱদেৱে তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক 'কীৰ্তন-ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে৷ সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে নানা ঠাই ফুৰি নানা কষ্ট কৰি কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে৷
কীৰ্তন-ঘোষা ২৯ টা স্বয়ং সম্পূৰ্ণ খণ্ডৰ সমষ্টি৷ সেইবোৰ হ'ল ক্ৰমে
- চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা,
- নামাপৰাধ বৰ্ণনা, পাষণ্ড মৰ্দন,
- ধ্যান-বৰ্ণনা,
- অজামিল উপাখ্যান,
- প্ৰহ্লাদ চৰিত্ৰ,
- গজেন্দ্ৰোপাখ্যান, হৰমোহন, বলিছলন,
শিশুলীলা, ৰাসক্ৰীড়া, কংসবধ, গোপী-উদ্ধৱ সংবাদ, কুঁজীৰ বাঞ্চা পূৰণ,
অক্ৰুৰৰ বাঞ্চা পূৰণ, জৰাসন্ধৰ যুদ্ধ, কালযৱন বধ, মুচুকুণ্ড স্তুতি, স্যমন্তক
হৰণ, নাৰদৰ কৃষ্ণ দৰ্শন বিপ্ৰপুত্ৰ আনয়ন, বিপ্ৰ দামোদৰ আখ্যান, বেদস্তুতি,
দৈৱকীৰ পুত্ৰ আনয়ন, লীলামালা, শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ, ওৰেষা বৰ্ণনা, সহস্ৰ
নাম বৃত্তান্ত, ঘুনুচা কীৰ্তন৷ ইয়াৰে সহস্ৰ নাম বৃত্তান্ত আৰু ঘুনুচা কীৰ্তন
নামৰ খণ্ড দুটা ক্ৰমে ৰত্নাকৰ কন্দলি আৰু শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত৷
কীৰ্তন-ঘোষা খণ্ডবিলাকৰ ক্ৰম সুপৰিকল্পিত৷ প্ৰথমে ভগৱানৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে৷ তাৰ পিছত পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে৷ ধ্যান বৰ্ণনাত ভগৱানৰ সৌম্য-শান্ত মূৰ্তিৰ বৰ্ণনা দিছে৷ নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ লাভ কৰে তাৰ আভাষ দিছে অজামিলোপাখ্যানত৷ 'ভকতৰ ভয় আছে কৈত' ইয়াক দেখুৱাইছে প্ৰহ্লাদ চৰিত নামৰ খণ্ডত৷ সংকট কালত যে হৰি নামেই একমাত্ৰ পৰিত্ৰাণৰ উপায় তাক দেখুৱাইছে গজেন্দ্ৰোপাখ্যানত৷ বলিছলনত অহংকাৰি বলিৰ দৰ্প চূৰ্ণ কৰিছে৷ ইয়াৰ পিছত শিশু লীলৰ পৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈ এই খণ্ড কেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্মা বৰ্ণনা কৰিছে৷
হিন্দুৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ সংস্কৃত ভাষাত ৰচিত কাৰণে সেইবিলাক সাধাৰণ জনসাধাৰণৰ বোধগম্য কৰিবৰ কাৰণে মহাপুৰুষ শঙ্কৰদেৱে ভাগৱত, পদ্মপুৰাণ, বামন পুৰাণ আৰু অন্যান্য পুৰাণ উপপুৰাণৰ পৰা সাৰ সংগ্ৰহ কৰি এই মুল্যবান গ্ৰন্থসমূহ ৰচনা কৰিছিল৷ 'কীৰ্তন-ঘোষা'ত পদ, দুলড়ী,ছবি, লেছাৰী, আদি অসমীয়া অনেক ছন্দ অলংকাৰৰ সমাবেশ ঘটিছে৷ ইয়াৰ লগতে সাহিত্যৰ নৱ ৰসৰ সমাবেশ ঘটিছে৷
কীৰ্তন-ঘোষা শ্ৰীশ্ৰীশঙ্কৰদেৱৰ কবি প্ৰতিভাৰ শ্ৰেষ্ঠ নিৰ্দেশন৷ ই অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰো কীৰ্তিস্তম্ভ৷ অসমৰ প্ৰতিজন ল'ৰা ডেকা বুঢ়া মানুহৰ মুখে মুখে ইয়াৰ পদ, ঘোষা অবিৰামভাৱে চলি থাকে৷ আনহতে ইয়াৰ প্ৰসঙ্গে ভকত বৈষ্ণৱৰ মনত ভক্তি ভাৱত আপ্লুত কৰি তোলে৷