Web Analytics Made Easy - Statcounter

See also ebooksgratis.com: no banners, no cookies, totally FREE.

CLASSICISTRANIERI HOME PAGE - YOUTUBE CHANNEL
Privacy Policy Cookie Policy Terms and Conditions
কম্পিউটাৰ বিজ্ঞান - Wikipedia

কম্পিউটাৰ বিজ্ঞান

From Wikipedia

লেখকৰ টোকা : এই প্ৰবন্ধ "কম্পিউতাৰ বিজ্ঞান বিষয়"টোৰ বিষয়ে লিখা হৈছে, সংশ্লি্ত অন্যান্য বিষয়ৰ বাবে "Category:কম্পিউটাৰ বিজ্ঞান" চাওক

তথ্য আৰু ইয়াৰ পৰি্স্কৰন/সংকলন (processing) সম্বন্ধিত তাত্বিক (theoretical) বিষয়মুহৰ প্ৰণালীবদ্ধ অধায়নকে (study) কম্পিউটাৰ বিজ্ঞান বোলা হয় |

থোৰতে কবলৈ গলে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰনে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায় | এনে কিছুমান সমাৰ্থক হিচাবে ব্যবহাৰ কৰা নাম হল কম্পিউতাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা (computer science & engineering/technology), তথ্য প্ৰয়ুক্তি (information technology), তথ্য পৰি্স্কৰন/সংকলন (data processing) ইত্যাদি| পিছে আমাৰ এই নিবন্ধত আমি "তথ্য আৰু ইয়াৰ পৰি্স্কৰন/সংকলন সম্বন্ধিত তাত্বিক বিষয়মুহৰ অধায়ন"-কহে কম্পিউতাৰ বিজ্ঞান বুলিম| উল্লিখিত বাকীবোৰ বিষয় যোগ্যজনে উপযুক্ত স্থানত অৱতাৰনা কৰিব|

[edit] সম্যক ইতিহাস

অধুনা বহুব্যৱহৃত আৰু বহুচৰ্চিত কম্পিউটাৰ বিজ্ঞান বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে| গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক)বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উত্কৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই কম্পিউটাৰ বিজ্ঞান বা সংগণন বিদ্যা বিষয়টো বক্ষু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি কব পৰা যায়| সম্পৰ্কিত অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি| দক্ষিণ/মধ্য এচিয়াত বহু পুৰণিকালৰ পৰাই (আনকি এতিয়াও) "এবেকাচ" ব্যৱহাৰ কৰা হয়|
ৰোমান এবেকাচ
ৰোমান এবেকাচ
পৰৱৰ্ত্তীকালতো, বিভিন্ন কাৰ্যত প্ৰয়োজন হোৱা ক্ৰমশ: জটিলতৰ প্ৰয়োগৰ (যেনে কামানৰ গোলাৰ পথনিৰ্দ্দেশন) লগে লগে গণনাৰ বেগ আৰু শুদ্ধতা বৃ্দ্ধিৰ বাবে নিত্য নতুন উপায় তথা ব্যাৱহাৰিক প্ৰয়োগ উদ্ভাৱনৰ প্ৰয়াসৰ প্ৰাসংগিতাও ক্ৰমশ: বৃ্দ্ধি পালে| উইলহেল্ম শ্চিকাৰ্ড-এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰ নিৰ্মাণ কৰিলে|
ডিফাৰেনছিয়েল ইঞ্জিন
ডিফাৰেনছিয়েল ইঞ্জিন

ভিক্টোৰিয়ান যুগৰ বিশিষ্ট কম্পিউটাৰ বিজ্ঞনীকসকলৰ ভিতৰত চাৰ্লচ বেবেজ-ৰ নাম বিশেষভাৱে উল্লেখনীয়| "ডিফাৰেনছিয়েল ইঞ্জিন" নামৰ যান্ত্ৰিক কম্পিউটাৰৰ আৱিষ্কাৰক বেবেজক আধুনিক সংগননবিদ্যাৰ জনক আখ্যা দিয়া হয়|


aa - ab - af - ak - als - am - an - ang - ar - arc - as - ast - av - ay - az - ba - bar - bat_smg - bcl - be - be_x_old - bg - bh - bi - bm - bn - bo - bpy - br - bs - bug - bxr - ca - cbk_zam - cdo - ce - ceb - ch - cho - chr - chy - co - cr - crh - cs - csb - cu - cv - cy - da - de - diq - dsb - dv - dz - ee - el - eml - en - eo - es - et - eu - ext - fa - ff - fi - fiu_vro - fj - fo - fr - frp - fur - fy - ga - gan - gd - gl - glk - gn - got - gu - gv - ha - hak - haw - he - hi - hif - ho - hr - hsb - ht - hu - hy - hz - ia - id - ie - ig - ii - ik - ilo - io - is - it - iu - ja - jbo - jv - ka - kaa - kab - kg - ki - kj - kk - kl - km - kn - ko - kr - ks - ksh - ku - kv - kw - ky - la - lad - lb - lbe - lg - li - lij - lmo - ln - lo - lt - lv - map_bms - mdf - mg - mh - mi - mk - ml - mn - mo - mr - mt - mus - my - myv - mzn - na - nah - nap - nds - nds_nl - ne - new - ng - nl - nn - no - nov - nrm - nv - ny - oc - om - or - os - pa - pag - pam - pap - pdc - pi - pih - pl - pms - ps - pt - qu - quality - rm - rmy - rn - ro - roa_rup - roa_tara - ru - rw - sa - sah - sc - scn - sco - sd - se - sg - sh - si - simple - sk - sl - sm - sn - so - sr - srn - ss - st - stq - su - sv - sw - szl - ta - te - tet - tg - th - ti - tk - tl - tlh - tn - to - tpi - tr - ts - tt - tum - tw - ty - udm - ug - uk - ur - uz - ve - vec - vi - vls - vo - wa - war - wo - wuu - xal - xh - yi - yo - za - zea - zh - zh_classical - zh_min_nan - zh_yue - zu -