Web Analytics Made Easy - Statcounter

See also ebooksgratis.com: no banners, no cookies, totally FREE.

CLASSICISTRANIERI HOME PAGE - YOUTUBE CHANNEL
Privacy Policy Cookie Policy Terms and Conditions
অসমৰ সমস্যা - Wikipedia

অসমৰ সমস্যা

From Wikipedia

ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে৷ দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে৷ অসমৰ প্ৰধান সমস্যা সমূহৰ ভিতৰত (১) নিবনুৱা সমস্যা (২) বানপানী সমস্যা (৩) বিদেশী সমস্যা (৪) উগ্ৰপন্থী সমস্যা (৫)খাদ্য সমস্যা৷ মূলত এই পাঁচটাই অসমৰ প্ৰধান সমস্যা যদিও ইয়াৰ বাহিৰেও অসমৰ উন্নতিত সম্পদৰ উচিত ব্যৱহাৰ নোহোৱা, চৰকাৰৰ বহু ক্ষেত্ৰত উদাসীনতা আৰু যোগ্য ব্যক্তিৰ নিয়োগ নোহোৱায়েও সমস্যাসমূহৰ লগত মিলি অনেক বাধাৰ সৃষ্টি কৰি আহিছে৷

সূচী

[edit] নিবনুৱা সমস্যা

সধাৰণ অৰ্থত কাম-বন নোহোৱা শিক্ষিত লোককহে নিবনুৱা বোলা যায় যদিও ইয়াৰ অৰ্থই শিক্ষিত অশিক্ষিত সকলোকে সামৰে৷ দেশৰ জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ মূল কাৰণ যদিও অসমৰ নিবনুৱা সমস্যাৰ কাৰণে ইয়েই প্ৰধান কাৰণ নহয়৷ আনুসাঙ্গিক বহুতো কাৰণেও ইয়াত প্ৰভাৱ পেলাইছে৷

অসমৰ ত্ৰুটিপূৰ্ণ শিক্ষানীতিৰ কাৰণে বছৰি শিক্ষিত, অৰ্দ্ধশিক্ষিত নিবনুৱাৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাই আহিছে৷ বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল একোটা ডিগ্ৰী লাভ কৰাৰ বাবেহে উপযুক্ত কৰি তোলে৷ বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰিমুখি কৰি তুলিছে৷ যাৰ কাৰণে নিবনুৱাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে৷

কুটীৰ শিল্পৰ অৱনতিৰ বাবেও অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ কমাৰ, কুমাৰ, সোণাৰী, কহাৰ আদি ব্যৱসায় অসমৰ মানুহে প্ৰায় এৰি দিছে৷ ইয়াৰ লগতে বাহঁ-বেতৰ কৰ্মও অসমত কৰিব পৰা এটা সহজ কাম, যাৰ কাৰণে লগা কেচা মাল অসমত প্ৰয্যাপ্তভাৱে পোৱা যায়৷ এই কুটীৰ শিল্পৰ কামসমূহ বাহিৰৰ পৰা মানুহ আহি কৰা দেখা যায়৷ এই কাম সমূহৰ জড়িয়তে মানুহ ধনী হ'ব নোৱাৰে যদিও খুবেই সুন্দৰভাৱে জীয়াই থাকিব পাৰিব৷

অসমত উত্পন্ন হোৱা খাৰুৱা তেল, মৰাপাট, কুহিয়াঁৰ আদিৰ পৰিমাণৰ তুলনাত উদ্যোগৰ সংখ্যা তেনেই সিমিত৷ অসমত খাৰুৱা তেল শোধন কৰাৰ জোখাৰে তেল-শোধানাগাৰ নোহোৱা বাবে বাহিৰলৈ লৈ যাব লগা হয়৷ সংৰক্ষণৰ অভাৱত ইয়াৰ অধিকাংশ প্ৰাকৃতিক গেছ পুৰি পেলোৱা হয়৷ তাৰ সহায়ত উদ্যোগ চলোৱাৰ ব্যৱস্থা আজিও হৈ উঠা নাই৷ অসম নদীমাতৃক দেশ যদিও জলবিদ্যুত উত্পাদন কৰি নতুন কল-কাৰখানা স্থাপন কৰাৰ সম্ভাৱনা আছে৷ আনহাতে অসমত যিকেইটা উদ্যোগ আছে তাৰে প্ৰায়কেইটা বাহিৰৰ মালিকৰ৷ তেওঁলোকৰ স্বজন প্ৰীতিৰ ফলত সেইবোৰত অসমীয়া যোগ্য লোক থকাৰ পিছতো কৰ্ম সংস্থাপন নাপায়৷ চৰকাৰৰ ধনৰ অভাৱতো বহু স্কুল-কলেজত আসন খালি থকাৰ পিছতো সংস্থাপন দিয়া দেখা নাযায়৷ ইয়েও নিবনুৱা সংখ্যা বৃদ্ধিত অৰিহনা যোগাই আহিছে৷

পৰিশ্ৰমৰ মৰ্য্যাদা নুবুজা বাবেও অনেক লোক নিবনুৱা হ'ব লগাত পৰিছে৷ অসমৰ চাহবাগান, ধানবনা কল, কাঠফলা কল, কয়লাৰ খনি, ইটাভাটা আদিত কাম কৰা বনুৱাৰ ভিতৰত অধিকাংশয় বাহিৰৰ বনুৱা৷ কামৰ বাচ বিচাৰেও অসমত নিবনুৱা সংখ্যা বৃদ্ধি কৰি তুলিছে৷

[edit] বানপানী সমস্যা

অসমৰ বানপানী সমস্যা এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বৃকীতি লাভ কৰিছে৷ অসমত ভৌগোলিক অৱস্থিতিয়েই বানপানীৰ এটা মূল কাৰণ৷ ১৯৫০ চনৰ ভূমিকম্পৰ পিচতে ব্ৰহ্মপুত্ৰকে আদি কৰি অন্যান্য কিছুমান নদীৰ তলি বাম হোৱাত তাৰ কাষৰ ঠাই সমূহত বানপানীৰ সৃষ্টি হয়৷ বানপানীৰ ফলত মানুহৰ খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন হয়৷ ইয়াৰ ফলত অসমৰ একমাত্ৰ সম্বল আহু আৰু শালিধানৰ খেতি নষ্ট হয়৷ ইযাৰ লগতে মৰাপাট, পাণ, আদা, হালধী, শাক-পাচলি, আদি কৃষিজাত শস্য নষ্ট হয়৷ বানপানীয়ে মানুহৰ ঘৰ পোহনীয়া জীৱ-জন্তুৰো বিস্তৰ ক্ষতি সাধন কৰে৷ সঞ্চিত ভঁৰালৰ ধান নষ্ট হোৱাৰ ফলত মানুহৰ মাজত অকাল, অনাটনে দেখা দিয়ে৷ বানপানীয়ে আলি-পদুলি তল নিয়াৰ ফলত যাতায়াতৰ অসুবিধা হয়৷ মানুহৰ মাজত জ্বৰ, গ্ৰহণী আদি মহামাৰিৰ সৃষ্টি হয়৷ বানপানীৰ ফলত চৰকাৰ তথা জনসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে৷ বানপানীৰ সমস্যা অসমৰ এটা জলন্ত সমস্যা৷

[edit] বিদেশী সমস্যা

বছৰে বছৰে বাংলাদেশকে ধৰি পশ্চিমবঙ্গ, নেপাল, বিহাৰ, ৰাজস্থান আদি অন্যান্য ঠাইৰ পৰা কৰ্মৰ সন্ধানত অসমলৈ আহি অসমত স্থায়ি-অস্থায়ি ভাৱে থাকি যোৱাৰ ফলত অসমত বিদেশী সমস্যাৰ সৃষ্টি কৰিছে৷ অসমত বিদেশী সমস্যাই অসমৰ আনুসাঙ্গিক বিভিন্ন সমস্যাৰো সৃষ্টি কৰিছে৷ নিবনুৱা সমস্যা, খাদ্য সমস্যা, জনসংখ্যাৰ সমস্যা, বাসস্থানৰ সমস্যা, ভূমি সমস্যা, অৰ্থনৈতিক সমস্যা আদি অনেক সমস্যাৰ সৃষ্টি কৰিছে৷ চৰকাৰৰ উদাসিনতাই এই সমস্যা বৃদ্ধিত অৰিহনা যোগাইছে৷ অসমৰ ৰাজনীতিতো বিদেশী সমস্যাই বিৰুপ প্ৰভাৱ পেলাই আহিছে৷

[edit] উগ্ৰপন্থী সমস্যা

Organizations listed as terrorist groups by India
উত্তৰ-পূব ভাৰত
নেছ'নেল ছ'চিঅলিষ্ট কাউনছিল অফ নগালেণ্ড-ইচাক মুইভা (এন এছ চি এন-আই এম)
নগা নেছ'নেল কাউনছিল-ফেডাৰেল (এন এন চি এফ)
নেছ'নেল কাউনছিল অফ নগালেণ্ড-খাপলং
অসম সংযুক্ত মুক্তি বাহিনী (আলফা)
পিপুলচ লেবৰেছন আৰ্মি
কাংলেই য়াৱোল কান্না লুপ (কে ৱাই কে এল)


জোমি লিভ'লুশ্বনেৰি ফ'ৰ্ণ্ট
পিপ'লছ ৰিভ'লুছ'নেৰী পাৰ্টি অব কাংলেইপাক (প্ৰিপাক)

উগ্ৰপন্থীৰ সমস্যা অসমৰ বৰ্তমান এটা প্ৰধান সমস্যা৷ অন্যান্য সমস্যাসমূহে উগ্ৰপন্থী সৃষ্টিত বিশেষভাৱে অৰিহনা যোগাইছে৷ অসমত থকা সকলো সমস্যা নিবাৰণৰ কাৰণেই 'অসম সংযুক্ত মুক্তি বাহিনী' (আলফা) বিপ্লবী সংগঠনৰ জন্ম হয় যদিও আজি অসমত বৰ্তমান আলফা এটা প্ৰধান উগ্ৰপন্থী সংগঠন হৈ উঠিছে৷ ইয়াৰ লগতে অসমৰ অন্যান্য বড়ো, ৰাভা, কাৰ্বি, ডিমাছা, জনজাতি সমূহৰ মাজতো নিজ নিজ জাতিৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে বহুতো উগ্ৰপন্থী গোটৰ সৃষ্টি হৈছে৷ এই উগ্ৰপন্থী সংগঠন সমূহে অসমৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে৷ সাধাৰণ মানুহৰ পৰা ধন সংগ্ৰহ কৰি তাৰ দ্বাৰা ব'মা-বাৰুদ সংগ্ৰহ কৰি সাধাৰণ জনসাধাৰণৰ মাজলৈও বিভিষিকা নমাই আনিছে৷

[edit] খাদ্য সমস্যা

খাদ্য সমস্যা সৃষ্টি হোৱাৰো মূল কাৰণ বিদেশী সমস্যা, জনসংখ্যা সমস্যা, বানপানী সমস্যা আদিয়েই প্ৰধান৷ জনসংখ্যাৰ অনুপাতে অসমত দিনে দিনে শস্যৰ উত্পাদন কমি আহিছে৷ আনহাতে গাওঁসমূহত উন্নতি কৃষি উত্পাদনৰ সু-ব্যৱস্থা তথা তাৰ প্ৰতি সজাগ নোহোৱাৰ কাৰণেও শষ্যৰ উত্পাদন কমি আহিছে৷ একেডৰা মাটিতে বছৰি একেবিধৰ খেতি কৰি থকাৰ ফলতো মাটিৰ উৰ্বৰা শক্তি কমি যায়৷ সময় মতে বৰষুণৰ পানীৰ অভাৱৰ লগতে কৃত্ৰিম উপায়েৰে উপযোক্ত পানী যোগানৰ ব্যৱস্থা নথকাতো শষ্যই উপযোক্ত পানী লাভ নকৰে৷ কিছুমান বেপাৰীয়ে অধিক লাভৰ আশাত কিছুমান খাদ্য শষ্য জমা কৰি ৰখাৰ ফলতো খাদ্যশষ্যৰ নাটনিয়ে দেখা দিয়ে৷ বানপানীয়ে বহু মানুহৰ শষ্য পথাৰত বালি পেলোৱাৰ ফলতো উপযোক্ত মাটিৰ অভাৱে দেখা দিয়ে৷

অসমৰ সমস্যাৰ ভিতৰত এই কেইটাই প্ৰধান যদিও বহুক্ষেত্ৰত চৰকাৰৰ উদাসিনতাও ইয়াৰ কাৰণে জগৰীয়া৷ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এটাৰ পিছত এটা নতুন সমস্যাই গা কৰি উঠিছে৷ দেখা যায় যে অসমৰ প্ৰতিটো সমস্যায় এটাৰ লগত আনটোৰ অঙ্গগিভাৱে জড়িত৷


aa - ab - af - ak - als - am - an - ang - ar - arc - as - ast - av - ay - az - ba - bar - bat_smg - bcl - be - be_x_old - bg - bh - bi - bm - bn - bo - bpy - br - bs - bug - bxr - ca - cbk_zam - cdo - ce - ceb - ch - cho - chr - chy - co - cr - crh - cs - csb - cu - cv - cy - da - de - diq - dsb - dv - dz - ee - el - eml - en - eo - es - et - eu - ext - fa - ff - fi - fiu_vro - fj - fo - fr - frp - fur - fy - ga - gan - gd - gl - glk - gn - got - gu - gv - ha - hak - haw - he - hi - hif - ho - hr - hsb - ht - hu - hy - hz - ia - id - ie - ig - ii - ik - ilo - io - is - it - iu - ja - jbo - jv - ka - kaa - kab - kg - ki - kj - kk - kl - km - kn - ko - kr - ks - ksh - ku - kv - kw - ky - la - lad - lb - lbe - lg - li - lij - lmo - ln - lo - lt - lv - map_bms - mdf - mg - mh - mi - mk - ml - mn - mo - mr - mt - mus - my - myv - mzn - na - nah - nap - nds - nds_nl - ne - new - ng - nl - nn - no - nov - nrm - nv - ny - oc - om - or - os - pa - pag - pam - pap - pdc - pi - pih - pl - pms - ps - pt - qu - quality - rm - rmy - rn - ro - roa_rup - roa_tara - ru - rw - sa - sah - sc - scn - sco - sd - se - sg - sh - si - simple - sk - sl - sm - sn - so - sr - srn - ss - st - stq - su - sv - sw - szl - ta - te - tet - tg - th - ti - tk - tl - tlh - tn - to - tpi - tr - ts - tt - tum - tw - ty - udm - ug - uk - ur - uz - ve - vec - vi - vls - vo - wa - war - wo - wuu - xal - xh - yi - yo - za - zea - zh - zh_classical - zh_min_nan - zh_yue - zu -